আজি ২০ জুন ২০২৫ তাৰিখে জেডিএছজি মহাবিদ্যালয়ত বোকাখাত সমজিলাৰ উদ্যোগত আৰু জেডিএছজি মহাবিদ্যালয়ৰ সহযোগত ৰাভা দিৱস উদ্‌যাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, উপাধ্যক্ষা দীপালী ৰাজকুমাৰী, বোকাখাত সমজিলাৰ সহ আয়ুক্ত অংকিতা বৰুৱা ,বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ চক্ৰ বিষয়া দেৱাহুতি ডেকাকে প্ৰমুখ্য কৰি আশ্ৰাফুল ৰহমান, তপন নেওগ উপস্থিত থাকে। মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° শান্তিছায়া বৰুৱাই ৰাভাদেৱৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। অসমীয়া বিভাগৰ ছাত্ৰী শ্যামলী দাসে ৰাভাসংগীত পৰিৱেশন কৰে আৰু প্ৰবীন শৰ্মাই নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰাস্না পাদি পেগুৱে ।
June 20, 2025
RECORDS OF EVENTS/PROGRAMMES ORGANISED BY DEPARTMENT OF HISTORY
June 24, 2025