September 8, 2025Categories Assamese Dep Activities Eventমহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৫ ছেপ্তেম্বৰ ২০২৫ তাৰিখে মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বোকাখাতৰ বিশিষ্ট ব্যক্তি , বিভাগৰ অধ্যাপকসকল তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শুক্ৰবাৰে দিনৰ ১২ বজাত অন্যান্য বিভাগসমূহৰ দৰে অসমীয়া বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ দুখন প্ৰাচীৰ পত্ৰিকা ক্ৰমে “আধাৰ” আৰু “সৃজণ ” উন্মোচন হয়। বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী দ্বাৰা প্ৰকাশ পোৱা আধাৰৰ অন্তৰ্গত মিৰ্মাঙৰ মূল বিষয় আছিল- মিছিং সমাজ আৰু সংস্কৃতি। উন্মোচক ৰূপে উপস্থিত থাকে, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ-শ্ৰী যুত কমল গগৈ আনহাতে সৃজণ ৰ মূল বিষয় আছিল কৃষি ভিত্তিক উৎসৱ -পাৰ্বন, উন্মোচক ৰূপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ সভানেত্ৰী- সুবৰ্ণ লতা বৰদলৈ॥ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ,বিশিষ্ট অতিথি-কল্পনা চেতিয়া, অন্য বিভাগৰ অধ্যাপক তথা বিভাগৰ অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত এই উন্মোচন প্ৰক্ৰিয়াৰ অন্ত পৰে॥॥
September 8, 2025Categories Event100th Birth Anniversary of Dr. Bhupen Hazarika Celebrated at JDSG College, Bokakhat