October 10, 2025Categories Eventআজি ইং- ১০/১০/২০২৫ তাৰিখে বোকাখাত জে.ডি.এচ.জি. মহাবিদ্যালয়ত বোকাখাত পুৱতি সাহিত্য সভাৰ উদ্যোগত আৰু জে.ডি.এচ.জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ তথা অসমীয়া বিভাগৰ সহযোগত ‘জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০৬ সংখ্যক জন্ম দিৱস আৰু সাহিত্য বঁটা ২০২৫ প্ৰদান’ অনুষ্ঠানটি উদ্যাপন কৰা হয়।আধুনিক বোকাখাত নিৰ্মাতা হিচাপে পৰিচিত আৰু জে.ডি.এচ.জি. মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰিচালনা সমিতিৰ সম্পাদক চিদানন্দ শইকীয়াৰ স্মৃতিচাৰণ সভাখনিত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে অপূৰ্ব বৰদলৈ আৰু মনোৰঞ্জন সেনে বন্তি প্ৰজ্বলন কৰে।প্ৰয়াত চিদানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে জে.ডি.এচ.জি মহাবিদ্যালয়ৰ IQAC ৰ সমন্বয়ক ড° মনালিছা বৰগোহাঞিয়ে। পুৱতি সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি গোপিকানন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত জে.ডি.এচ.জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে। এই বৰ্ষৰ সাহিত্য বঁটা প্ৰদান কৰা হয় বোকাখাতৰ তথা অসমৰ বিশিষ্ট লেখক, কবি অজিত গগৈক। পুৱতি সাহিত্য সভাৰ সম্পাদিকা নমিতা বৰাই আঁত ধৰা এই অনুষ্ঠানটিত চিদানন্দ শইকীয়াৰ পৰিয়ালবৰ্গ,পুৱতি সাহিত্য সভাৰ বিষয়ববীয়াসকল,পুৱতি সাহিত্য সভাৰ যুৱ সংসদৰ সভাপতি ৰাস্না পাদি(পেগু)ৰ লগতে মহাবিদ্যালয়ৰ অন্যান্য অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।