Practical work, digital classes
November 21, 2026কমাৰগাঁৱৰ সোণোৱাল গাঁৱত অসমীয়া নৃগোষ্ঠীয় উপভাষাৰ ক্ষেত্ৰ অধ্যয়ন
তাৰিখ: ২০ নৱেম্বৰ, ২০২৬
স্থান: সোণোৱাল গাঁও, কমাৰগাঁও (বোকাখাত মহকুমা, গোলাঘাট জিলা)
উদ্যোগত: অসমীয়া বিভাগ, জে.ডি.এছ.জি. মহাবিদ্যালয়, বোকাখাত
পাঠ্যক্ৰম / কাকত: স্নাতক সপ্তম ষান্মাসিক (FYUGP) — কাকত ASMC-18 (অসমীয়া ভাষাৰ ৰূপভেদ)
স্নাতক সপ্তম ষান্মাসিকৰ (FYUGP) ছাত্ৰ-ছাত্ৰীসকলক সমাজভাষাবিজ্ঞানৰ ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে অসমীয়া বিভাগৰ উদ্যোগত কমাৰগাঁৱৰ সোণোৱাল গাঁৱত এদিনীয়া ক্ষেত্ৰ অধ্যয়ন সম্পন্ন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে গাঁওবুঢ়া, বয়োজ্যেষ্ঠ ব্যক্তি আৰু স্থানীয় তথ্যদাতাসকলৰ সৈতে প্ৰশ্নাৱলী ও অডিঅ’ ৰেকৰ্ডিং ব্যৱহাৰ কৰি সোণোৱাল কছাৰী সমাজত প্ৰচলিত কথিত অসমীয়াৰ শব্দগত বৈশিষ্ট্য— যেনে আত্মীয়তাবাচক শব্দ, ঘৰুৱা ও কৃষি-সম্পৰ্কীয় শব্দ, থলুৱা জীৱ-জন্তু তথা গছ-গছনিৰ নাম আৰু সাংস্কৃতিক লোকাচাৰৰ শব্দসমূহ সংগ্ৰহ কৰে। সংগৃহীত তথ্যসমূহৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলে আভ্যন্তৰীণ মূল্যায়নৰ বাবে নিজা প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব।
Field Study on Assamese Ethnolects at Sonowal Gaon, Kamargaon
Date: November 20, 2026
Venue: Sonowal Gaon, Kamargaon (Bokakhat Subdivision, Golaghat District)
Organised by: Department of Assamese, J.D.S.G. College, Bokakhat
Course / Paper: B.A. 7th Semester (FYUGP) — Paper ASMC-18 (Varieties of the Assamese Language)
The Department of Assamese conducted a one-day field study at Sonowal Gaon, Kamargaon, to give B.A. 7th Semester (FYUGP) students practical experience in sociolinguistic data collection. Students engaged with the village headman, elders, and local informants using questionnaires and audio recordings to document lexical features of the Assamese ethnolect spoken by the Sonowal Kachari community, including kinship terms, household and agricultural vocabulary, local flora and fauna, and cultural traditions. The collected data will help students prepare their individual project reports for internal evaluation.






