Department of Assamese, JDSG College Signs MoU with Naharjan High School to Foster Academic Collaboration
June 29, 2026Notice for Online Application for Dr. Bani Kanta Kakati Merit Award, 2026
July 28, 2026কলাগুৰুৰ স্মৃতিচাৰণ আৰু ৫৭ সংখ্যক বিষ্ণু ৰাভা দিৱস উদ্যাপন
আজি ২০ জুন, ২০২৬ তাৰিখে জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC)-ৰ সহযোগত অসমৰ সুপুত্ৰ, মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ৫৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে মহাবিদ্যালয়ৰ ‘ডিজিটেল ১’ কক্ষত দিনৰ ১১ বজাৰ পৰা ‘বিষ্ণু ৰাভা দিৱস’ অতি গাম্ভীৰ্যপূৰ্ণভাৱে উদ্যাপন কৰা হয়।
অনুষ্ঠানটিৰ উদ্বোধক হিচাপে উপস্থিত থাকি শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত প্ৰশান্ত শইকীয়া দেৱে। আভ্যন্তৰীণ মান নিৰূপণ কোষৰ (IQAC) হৈ এক সাৰুৱা বক্তৃতা প্ৰদান কৰে সমন্বয়ক ড° মনালিছা বৰগোহাইয়ে। লগতে, কলাগুৰুৰ জীৱন আৰু কৰ্মৰাজিক সুঁৱৰি এক সুন্দৰ বক্তৃতা আগবঢ়ায় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা শ্ৰীযুতা ৰাস্না পাদি পেগুৱে।
এই পবিত্ৰ দিনটোৰ লগত সংগতি ৰাখি আয়োজন কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় আৰু বিচাৰ প্ৰক্ৰিয়াত আমাক সহযোগ কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড° শান্তিছায়া বৰুৱা আৰু শ্ৰীযুত শশাংক ধৱল শইকীয়াই।
উক্ত প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে স্থান লাভ কৰা প্ৰতিযোগীসকল হ’ল—
🥇 প্ৰথম স্থান : বেবী বৰা (একাদশ শ্ৰেণী)
🥈 দ্বিতীয় স্থান : জ্যোতিস্মা ভূঞা (ষষ্ঠ ষান্মাসিক)
🥉 তৃতীয় স্থান : ৰিম্পী হাজৰিকা (দ্বিতীয় ষান্মাসিক)
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ আছিল বিশেষভাৱে উল্লেখযোগ্য। অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী শ্যামলী দাসে ৰাভা বিষয়ক এটি সুন্দৰ ভাষণ প্ৰদান কৰাৰ লগতে এটি কবিতা পাঠ কৰে। লগতে, ষষ্ঠ ষান্মাসিকৰ ৰাজশ্ৰী শইকীয়া আৰু প্ৰবীণ শৰ্মাই ৰাভাৰ গীতৰ তালে তালে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।
অনুষ্ঠানটোৰ সুন্দৰভাৱে আঁত ধৰে অসমীয়া বিভাগৰ ড° টুলুমনি গগৈয়ে। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ৰাভাদেৱৰ দ্বাৰা অংকিত ছবি প্ৰদৰ্শন কৰি তেখেতৰ বহুমুখী প্ৰতিভাৰ বিষয়ে অৱগত কৰে বিভাগৰ সহকাৰী অধ্যাপক ড° বিকাশ চেতিয়াই। শেষত, অনুষ্ঠানটোত উপস্থিত সকলো অধ্যাপক অধ্যাপিকাৰ লগতে ছত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি বিভাগৰ হৈ শলাগৰ শৰাই আগবঢ়ায় শ্ৰীযুত কৃষ্ণ ৰংপিয়ে।












