August 22, 2025Categories Assamese Dep Activitiesআজি ১৭/৬ /২০২৫ তাৰিখে দিনৰ ১০:০০ বজাত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ নিয়মীয়া ভিত্তিক অসমীয়া বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামৰ্ভতিৰ বাবে অনুস্থিত হ’ব লগীয়া প্ৰবেশ পৰীক্ষাৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ আৰম্ভণি হয়। ১৭, ১৮ ,১৯ তাৰিখে হ’ব লগীয়া এই কাৰ্যসূচীত বিভাগৰ অধ্যাপক -অধ্যাপিকাসকলে ছাত্ৰ -ছাত্ৰীসকল উপকৃত হ’ব পৰাকৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি , লিপি , ভাৰতীয় সাহিত্য , তুলনামূলক সাহিত্য আদিৰ ক্ৰমবিকাশ এইবোৰৰ মেতমৰা সম্ভাৰ , বৰ্তমানত ইয়াৰ প্ৰাসংগিকতা, ভাষাত বিদেশী ভাষাৰ আগ্ৰাসন, সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱ , আদি বিষয়ত পুংখানুপুংখ ভাবে আলোচনা আগবঢ়াব ॥ প্ৰথম দিনত প্ৰায় ১১জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই কাৰ্যসূচীত আহি থকা দুটা দিনত ওচৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি বিভাগে কামনা কৰিছে।।।